
Dhrubajyoti Dhanantari
Articles
-
Dec 9, 2024 |
ruralindiaonline.org | Priti David |Dhrubajyoti Dhanantari
মাৰহাই মাতাৰ মন্দিৰটোৰ চাৰিফুট ওখ দুৱাৰখন খোল খালে সকলো উপাসকেই মুৰ দোৱাবলৈ বাধ্য। দেৱীৰ প্ৰতি এনে সকলো এনেকৈ ভক্তমন্ত হোৱাৰ কাৰণ আছে। দেৱীৰ চৰণত সেৱা জনালেই ভাল হৈ যায় ৰোগ। নিৰাময়ৰ এই অপাৰ শক্তিৰ বাবেই মাৰহা গাঁৱৰ লগতে আশে-পাশে থকা বহু গাঁৱৰ পৰা তালৈ লোকৰ আগমন ঘটে। “আপোনাৰ পৰিয়ালৰ যদি কোনোবা অসুস্থ, তেন্তে আহক আৰু ভাগৱতীৰ ওচৰত প্ৰাৰ্থনা জনাওক,” বাবু সিঙে কয়। বটগছজোপাৰ তলত তেঁৱো আনসকলৰ দৰেই পূজা আৰম্ভ হোৱালৈ অপেক্ষা কৰিছে। ভাগৱতী এই মন্দিৰৰ দেৱী। “তেৰাই সকলো সমস্যাৰ সমিধান দিব – সেয়া লাগিলে...
-
Nov 25, 2024 |
ruralindiaonline.org | Arshdeep Arshi |Priti David |Dhrubajyoti Dhanantari
“নৰক হ্যে য়েহ (নৰক হৈ পৰিছে এয়া)।” কাশ্মীৰা বাইয়ে বুড্ডা নালাৰ বিষয়ে কৈছে। তেওঁৰ গাওঁখনৰ কাষেৰে গৈ তেওঁৰ ঘৰৰ পৰা এশ মিটাৰমান দূৰত শতদ্ৰু নদীত মিলিত হোৱা এই জলাধাৰ ঔদ্যোগিক আৱৰ্জনাই প্ৰদূষিত কৰি পেলাইছে। চল্লিশৰ ঘাইত ভৰি দিয়া কাশ্মীৰা বাইয়ে মনত পেলায় কেনেকৈ এটা সময়ত তেওঁৰ গাঁৱৰ মানুহে খোৱাপানীৰ বাবে বুদ্ধা নালাৰ ওপৰত নিৰ্ভৰ কৰিছিল। লুধিয়ানাৰ কুমকালান গাঁৱত উৎপত্তি হোৱা বুড্ডা নালা লুধিয়ানাৰ মাজেৰে ১৪ কিলোমিটাৰ বৈ অহাৰ পিছত শতদ্ৰুত মিলিত হৈছে, বাইৰ গাওঁ ৱালিপুৰ কালান গাঁৱৰ কাষতে। “আচি তান নৰ্ক...
-
Nov 19, 2024 |
ruralindiaonline.org | Ashwini Shukla |Sarbajaya Bhattacharya |Dhrubajyoti Dhanantari
জাকিৰ হুছেইন আৰু মহেশ কুমাৰ চৌধাৰী দুয়োজন শৈশৱৰে বন্ধু। দুকুৰি বছৰ বয়স পাৰ কৰা দুয়োৰে সম্পৰ্ক এতিয়াও নিকপকপীয়া। জাকিৰ থাকে আজনা গাঁৱত, পাকুৰৰে ঠিকাদাৰ এজনৰ অধীনত তেওঁ কাম কৰে আৰু তাতেই মহেশে সৰু ৰেষ্টোৰাঁ এখন চলায়। “পাকুৰখন (জিলা) বৰ শান্তিপূৰ্ণ ঠাই, তাত মানুহৰ মাজত শান্তিৰ পৰিৱেশ বিৰাজমান,” মহেশে কয়। “বাহিৰৰ পৰা মানুহ আহি যেনে হিমন্ত বিশ্ব শৰ্মা (অসমৰ মুখ্যমন্ত্ৰী) আদিয়ে মানুহক নিজৰ ভাষণেৰে উচটায়,” বন্ধুৰ কাষতে বহি জাকিৰে কয়। চাওতাল পৰগনা অঞ্চলটোৰে অংশ পাকুৰ ঝাৰখণ্ডৰ পূৱ দিশত অৱস্থিত, ২০২৪ৰ...
-
Jul 1, 2024 |
ruralindiaonline.org | Akanksha Kumar |Priti David |Sarbajaya Bhattacharya |Dhrubajyoti Dhanantari
পুৱা ৬:৩০ বজাৰ পৰা টুফানি আৰু তেওঁৰ শিপিনী দলটোৱে কাম কৰি আছে। প্ৰতিদিনে ১২ ইঞ্চিৰ হিচাপত চাৰিওজনে এতিয়া কাম কৰি থকা ২৩x৬ ফুটৰ গলিচা (দলিচা)খন সম্পূৰ্ণ কৰিবলৈ ৪০ দিন লাগিব। বেলিটোৱে দুপৰীয়াৰ আকাশখন এৰি মূৰৰ ওপৰেৰে পাৰ হোৱাৰ সময়ত অৱশেষত জিৰণি ল’বলৈ বুলি কাঠৰ বেঞ্চখনতে বহিল টুফানি বিন্দ। পিছফালে উত্তৰ প্ৰদেশৰ পুৰজাগিৰ মুজেহৰা গাঁৱত থকা তেওঁৰ কৰ্মশালাত তেওঁ কাম কৰা টিনৰ চাংঘৰৰ কাঠৰ ফ্ৰেমত বগা কপাহৰ সূতা ওলমি আছে। এইটোৱেই হৈছে ৰাজ্যখনৰ দলিচা বয়ন উদ্যোগৰ হৃদপিণ্ড। এই উদ্যোগ এসময়ত মিৰ্জাপুৰত মোগলে...
-
Jun 18, 2024 |
ruralindiaonline.org | Mohd Khan |Shivangi Pandey |Sarbajaya Bhattacharya |Dhrubajyoti Dhanantari
মহম্মদ আচলামে গলোৱা উত্তপ্ত পিতলখিনি সাঁচত ঢালাৰ সময়ত ক্ষুদ্ৰ কণাবোৰ বতাহত উৰিছে। ইয়ে পিতলখিনিক গোটা চন্দন পিয়ালী ( পূজাত ব্যৱহাৰ কৰা সৰু বাতি ) লৈ ৰূপান্তৰিত কৰিব। ধাতুৰ কাম কৰাত পাকৈত আচলামৰ হাতদুখন ক্ষীপ্ৰগতিত অথচ সাৱধানে চলিছে। তেওঁ পাত্ৰটোত গলা পিতলখিনি ঢলাৰ সময়ত পাত্ৰটোৰ চাপৰ অনুমান কৰি লৈছে যাতে ভিতৰত থকা বালিখিনি ইফালে-সিফালে গুছি নাযায় আৰু বনাবলগীয়া সামগ্ৰীবিধৰ আকাৰত বিসংগতি নঘটে। “আপুনি পাত্ৰটো হাতদুখনেৰে টানকৈ ধৰি থাকিব লাগিব, নহ’লে সাঁচটোৰ ভিতৰত ধাতুৰ বাবে থকা ডিজাইনটো বেয়া হৈ...
Try JournoFinder For Free
Search and contact over 1M+ journalist profiles, browse 100M+ articles, and unlock powerful PR tools.
Start Your 7-Day Free Trial →